আদাই কৰোনাৰ সময়ত মানুহৰ বাবে সকলোতকৈ ডাঙৰ ঔষধ হিচাবে আত্মপ্রকাশ কৰিছে। আদা হ’ল এবিধ অনুঘটক যিয়ে কৰোনাৰ সময়ত কৰোনাৰ পৰা ৰক্ষা কৰাত অত্যন্ত সহায়ক হিচাবে প্রমাণিত হৈছে। আদা খোৱাত গুৰুত্ব দিছিল আয়ুস মন্ত্রালয়ে। ঔষধি গুণত সমৃদ্ধ আদাই খাদ্যত সোৱাদ বঢ়ায় আৰু আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী।
আদাত এন্টি-বেক্টেৰিয়েল আৰু এন্টিঅক্সিডেন্ট বৈশিষ্ট্য আছে, যিয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায়ক। এন্টিঅক্সিডেন্টবোৰ অত্যন্ত গুরুত্বপূর্ণ কাৰণ সেইবোৰে ফ্রি ৰেডিকালৰ বিৰুদ্ধে সুৰক্ষা সৰবৰাহ কৰে। ই কেন্সাৰ, হৃদৰোগ, ডায়েবেটিছ, বাত, আলঝাইমাৰ আৰু অন্যান্য ৰোগৰ দৰে বয়সৰ সৈতে অহা সকলো ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰিবলৈ সহায় কৰে। আদা ভিটামিন সমৃদ্ধ, যিয়ে শৰীৰক শক্তি দিয়ে। চর্দি-কাহ বা হজমত সমস্যা হ’লে আদা ব্যৱহাৰ কৰক। আহক জানি লওঁ আদা আমাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী।
আদাৰ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ ক্ষমতা আছে। আদা আয়ুর্বেদিক ঔষধ তৈয়াৰত ব্যৱহৃত হয়।
আদাই পেশীৰ বিষৰ পৰা মুক্তি দিয়ে। পেশীবোৰৰ মেদ হ্রাস কৰে। যদি আপুনি কাম নকৰাকৈ থাকে তেতিয়াহ’লে ১১ দিন ধৰি প্রতিদিনে ২ গ্রাম আদা খোৱাৰ ফলত বিষ উপশম হ’ব।
আদা ডায়েবেটিছ ৰোগীসকলৰ বাবে উপকাৰী। আদাৰ উপাদানবোৰে ইনছুলিন ব্যৱহাৰ নকৰাকৈ পেশীৰ কোষবোৰত গ্লুকোজ পৰিবহণৰ প্রক্রিয়া বঢ়াই তুলিব পাৰে। এনেদৰে ই উচ্চ ৰক্তৰ শর্কৰাৰ মাত্রা (উচ্চ চেনি স্তৰ) নিয়ন্ত্রণ সহায় কৰিব পাৰে। আদাই ডায়াবেটিকৰ লিভাপ, কিডনি আৰু কেন্দ্রীয় স্নায়ুতন্ত্রক সুৰক্ষা দিব পাৰে।
আদা হৃদৰোগ প্রতিৰোধত সহায়ক। আদা বছৰৰ পিছত বছৰ ধৰি হৃদৰোগৰ চিকিৎসাত ব্যৱহৃত হৈছে। চীনা ঔষধত কোৱা হয় যে আদাৰ চিকিৎসাৰ বৈশিষ্ট্যবোৰে হৃদয়ক শক্তিশালী কৰি তোলে। আদাৰ তেল প্রায়েই হৃদৰোগ প্রতিৰোধ আৰু চিকিৎসাত ব্যৱহৃত হয়।
আদা মস্তিষ্কৰ বাবেও উপকাৰী। আদাত থকা এন্টি-ইনফ্লেমেটৰি বৈশিষ্ট্যই সতর্কতা ৰখাত আৰু মস্তিষ্কৰ কার্যকাৰিতা উন্নত কৰাত সহায়ক। আদা খালে আপোনাৰ দেহত বয়সৰ প্ৰভাৱ নপৰে।
আদাই কলেষ্টেৰল কমায়। কলেষ্টেৰল বৃদ্ধিৰ কাৰণে হৃদৰোগৰ সম্ভাৱনা আছে। যদি আপুনি কলেষ্টেৰল হ্রাস কৰিবলৈ বিচাৰে তেতিয়াহ’লে প্রতিদিনে আপোনাৰ খাদ্যত ৩ গ্রাম আদা গুড়ি অন্তর্ভুক্ত কৰক।