নিউজ ডেক্স:
তেওঁ কোনো ৰাজনৈতিক নেতা নহয়। তেওঁ গ’লে ১৪৪ ধাৰা উলঙ্ঘনৰো কোনো সম্ভাবনা নাই। ২০১২ৰ পৰা ২০২০লৈ তেওঁক দেখা গৈছিল নির্ভয়াৰ মাতৃ আশা দেৱীৰ কাষত। সীমা কুশৱা, দিল্লীৰ ভয়ঙ্কৰ ধর্ষণকাণ্ডত নির্যাতিতাৰ পক্ষৰ হৈ সুদীর্ঘ আঠ বছৰ ধৰি আইনী যুঁজ যুঁজি, শেষত আনি দিছিল ন্যায় বিচাৰ। সেই সীমা কুশৱাই উত্তৰ প্রদেশৰ হাথৰসৰ নির্যাতিতাৰ হৈ গোচৰ যুঁজিব। কিন্তু, তেওঁৰ পথতো বাধাৰ সৃষ্টি কৰিছে উত্তৰ প্রদেশ আৰক্ষী।
বৃহস্পতিবাৰে সীমা কুশৱাই নির্যাতিতা দলিত পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ গৈছিল। কিন্তু বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলৰ দৰে তেওঁকো পৰিয়ালটোৰ সৈতে সাক্ষাৎ কৰিবলৈ নিদিয়ে আৰক্ষীয়ে। পিছত সীমা কুশৱাই সাংবাদিকক জনায়, নির্যাতিতাৰ ভাতৃয়ে তেওঁৰ সৈতে যোগাযোগ কৰি তেওঁক তেওঁলোকৰ আইনী পৰামর্শদাতা হোৱাৰ বাবে অনুৰোধ কৰে।
সেই কাৰণেই এই হতভগীয়া পৰিয়ালটোক সৈতে দেখা কৰিবলৈ আহিছিল তেওঁ। কিন্তু, প্রশাসনে তেওঁক তেওঁলোকৰ সৈতে দেখা কৰিবলৈ নিদিয়া বুলি তেওঁ অভিযোগ কৰে। কিন্তু সীমা কুশৱাই স্পষ্টভাৱে জনায়, পৰিয়ালটোক সাক্ষাত নকৰাকৈ তেওঁ হাথৰস এৰি নাযায়।