অনিয়মিত ৰুটিন আৰু খোৱাৰ অভ্যাসৰ কাৰণে সাধাৰণতে কৌষ্ঠ কাঠিন্যৰ সমস্যাসমূহ দেখা যায়। খোৱাৰ পিছত বহি থকা আৰু ৰাতি খোৱাৰ পিছত চিধা হৈ শোৱাৰ অভ্যাস কৌষ্ঠ কাঠিন্যৰ বাবে দায়ী। যদি আপোনাৰো এই সমস্যা থাকে, তেনেহ’লে ইয়াৰ সৈতে মোকাবিলা কৰাৰ বাবে তলৰ ঘৰুৱা প্রতিকাৰ কেইটা ল’ব পাৰে –
১. পুৱা টোপনিৰ পৰা উঠাৰ পিছত পানীত নিমখৰ সৈতে নেমুৰ ৰস মিহলি কৰি খাওক। ই পেট ভালদৰে পৰিষ্কাৰ কৰিব আৰু কৌষ্ঠ কাঠিন্যৰ সমস্যা নহয়।
২. মৌ কৌষ্ঠ কাঠিন্যৰ বাবে খুব উপকাৰী। ৰাতি শুবলৈ যোৱাৰ পূৰ্বে এক চামুচ মৌ এক গিলাচ পানীত মিহলাই খাওক। নিয়মিত সেৱন কৰিলে কৌষ্ঠ কাঠিন্যৰ পৰা নিৰাময় লাভ কৰিব।
৩. প্রতিদিনে পুৱা খালি পেটত টোপনিৰ পৰা উঠাৰ পিছত ৫-৬টা কিচমিচৰ সৈতে ৩-৪টা কাজু বাদাম খালে কৌষ্ঠ কাঠিন্য দূৰ হয়। ইয়াৰ উপৰি ৰাতি শুবলৈ যোৱাৰ আগতে ৬-৭টা কিচমিচ খাইও কৌষ্ঠ কাঠিন্য নিৰাময় কৰিব পাৰে।
৪. প্রতি নিশা কুহুমীয়া গৰম পানীত ত্রিফলাৰ গুৰি মিহলাই পান কৰক। ই কৌষ্ঠ কাঠিন্য দূৰ কৰাৰ লগতে পাকস্থলীক গেছৰ সমস্যাৰ পৰাও মুক্তি দিয়ে।
৫. কৌষ্ঠ কাঠিন্যৰ বাবে আপুনি প্রতিদিনে শোৱাৰ পূৰ্বে গৰম গাখীৰৰ সৈতে কেষ্টৰ অয়ল পান কৰিব পাৰে। ই পেট পৰিষ্কাৰ কৰে আৰু কৌষ্ঠ কাঠিন্য দূৰ কৰে।
৭. ফলৰ ভিতৰত কল আৰু অমিতা কৌষ্ঠ কাঠিন্যৰ বাবে খুব উপকাৰী। এইবোৰ যিকোনো সময়ত খাব পাৰে।এইবোৰ খালে পেটৰ সমস্যা দূৰ হয়, ছালো সুন্দৰ হয়।
৮. কিছু সময় 8টা কিচমিচ পানীত পেলাই থৈ খালেও কৌষ্ঠ কাঠিন্য দূৰ হয়। ইয়াৰ উপৰি ডুমৰুৰ পাত পানীত ভিজাই খালেও কৌষ্ঠ কাঠিন্যৰ সমস্যা দূৰ কৰে।
৯. পালেং শাকো কৌষ্ঠ কাঠিন্য ৰোগীসকলৰ বাবে এক ভাল বিকল্প। প্রতিদিনৰ খাদ্যত পালং শাকৰ ডায়েট যোগ কৰি আপুনি কৌষ্ঠ কাঠিন্যৰ পৰা মুক্তি পাব পাৰে, আনহাতে সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ পক্ষেও ভাল। কিন্তু যদি পেটত পাথৰৰ সমস্যা থাকে তেতিয়া ইয়াৰ ব্যৱহাৰ নকৰিব।
১০. নিয়মিত ব্যায়াম আৰু যোগাভ্যাস কৌষ্ঠ কাঠিন্যৰ পৰা হাত সাৰি থাকিবলৈ খুবেই উপকাৰী।
মনত ৰাখিব, এইবোৰৰ উপৰি কৌষ্ঠ কাঠিন্যৰ সমস্যা অত্যধিক হ’লে অৱশ্যেই ডাক্তৰৰ পৰামর্শ গ্ৰহণ কৰিব।