নিউজ ডেস্কঃ হাথৰস-কাণ্ডত ক্ষোভত জ্বলিছে সমগ্ৰ দেশ। আইনী পথেৰে অভিযুক্তসকলক কঠোৰ শাস্তিৰ দাবী উঠিছে সর্বত্র। কিন্তু তাৰ বিপৰীতে অভিযুক্তসকলক পোনে পোনে এনকাউন্টাৰ কৰি মাৰি পেলোৱাৰ দাবী জনালে অভিনেত্রী কংগনা ৰানাৱতে। যোৱা বছৰ হায়দৰাবাদত সংঘটিত পশু চিকিৎসক ধর্ষণ-কাণ্ডৰ তুলনা দি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথক এই আবেদন জনাইছে কংগনাই।
উল্লেখ্য যে হায়দৰাবাদ ধর্ষণ-কাণ্ডত আৰক্ষীৰ গুলীত অভিযুক্তসকলৰ মৃত্যুৰ ঘটনাক লৈ সেই সময়ত যথেষ্ট বিতর্কৰ সৃষ্টি হৈছিল। অভিযুক্তসকল পলোৱাৰ চেষ্টা কৰাত গুলী কৰা বুলি সেই সময়ত দাবী কৰিছিল তাৰ আৰক্ষীয়ে। অৱশ্যে বহুতৰ দাবী আছিল, ভুৱা এনকাউন্টাৰত অভিযুক্তসকলক মাৰি পেলোৱা বুলি। সেই প্রসঙ্গ টানি আনিয়েই বুধবাৰে নিজৰ টুইটাৰ হেণ্ডেলত কঙ্গনাই লিখে, ‘‘যোগী আদিত্য নাথজীৰ ওপৰত সম্পূর্ণ আস্থা আছে আমাৰ। প্রিয়ঙ্কা ৰেড্ডিক ধৰ্ষণকাৰীসকলে ধর্ষণ কৰি জীৱন্তে জ্বালাই দিছিল আৰু তাতেই সিহঁতক গুলী কৰি মৰা হৈছিল। এই ক্ষেত্রতো তেনেধৰণৰ সংবেদনশীল, স্বতঃস্ফূর্ত আৰু আবেগবৰ্জিত বিচাৰ বিচাৰো আমি।’’