ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : কোনবোৰ ৰোগে দৃষ্টিশক্তি কাঢ়ি নিব পাৰে?

ASSAM TIMES POST by ASSAM TIMES POST
September 20, 2020
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : কোনবোৰ ৰোগে দৃষ্টিশক্তি কাঢ়ি নিব পাৰে?

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

(প্ৰথম খণ্ড)

দৃষ্টিশক্তিৰ ক্ষেত্ৰত সকলোতকৈ বিপজ্জনক ৰোগবোৰ বিভিন্ন কাৰণত হ’ব পাৰে। চাওক সেইবোৰ কেনে ধৰণৰ৷

ডায়েবেটিছৰ মাত্রা স্বাভাৱিকতকৈ বেছি হ’লে শৰীৰৰ বিভিন্ন অঙ্গ আৰু ব্যৱস্থাৰ ক্ষতি হয়। চকুৰ ৰেটিনাৰ মাধ্যমেৰে ভিজুৱেল ইনফর্মেচন অপটিক নার্ভত গৈ পায়। ৰক্তত ছুগাৰ বাঢ়িলে ৰেটিনাৰ সৰু ৰক্তবাহ ক্ষতিগ্রস্ত হয়, সৰু ৰক্তজালক ফালি যায়। তাৰ পৰা ৰক্ত আৰু অন্যান্য তৰল লিক কৰে। ফলত ৰেটিনাৰ টিছু ফুলি উঠে। দৃষ্টি জাপ খাই আহে। ডায়েবেটিছৰ অন্যতম ক্ষতিকৰ দিশ হ’ল ৰেটিনোপেথি, য’ৰ পৰা অন্ধত্ব আহিব পাৰে। এই ক্ষতি আৰম্ভ হয় খুব সূক্ষ্মভাবে, কিন্তু সময়ৰ লগে লগে ক্রমশ বৃদ্ধি পায়। দীর্ঘদিন ডায়েবেটিছত ভুগিলে এই ৰোগৰ আশঙ্কা বাঢ়ে। ক্ষতি যিমান সোনকালে ধৰা পৰিব, চিকিৎসা আৰম্ভ হ’ব, দৃষ্টিশক্তি হেৰোৱাৰ আশঙ্কা সিমান কম।

এই ৰোগ প্রতিৰোধৰ উপায় হ’ল, ডায়েবেটিছ নিয়ন্ত্রণ কৰা, যাতে ৰক্তত শর্কৰাৰ মাত্রা বাঢ়ি ৰেটিনোপেথি বান্ধিব নোৱাৰে। সেই কাৰণে—

Diabetes symptoms Three ways the blood sugar condition can affect your eyes 1051608 e1600566831185 | ASSAM TIMES POST

• নিয়ম মতে ডায়েবেটিছৰ ঔষধ খাওক আৰু ইনছুলিন লওক।

• স্বাস্থ্যকৰ খাদ্য খাওক। ৰক্তত শর্কৰাৰ মাত্রা বৃদ্ধি কৰা জাতীয় খাদ্য একেবাৰে বাদ দিয়ক।

• সদায় ক্ষমতা অনুযায়ী শৰীৰচর্চাৰ অভ্যাস গঢ়ি তুলিব লাগিব।

• নিয়ন্ত্রণত ৰাখিব লাগিব উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্রাও।

• মদ্যপান আৰু ধূমপান এৰিব লাগিব।

খাদ্য তালিকাত যেন যথেষ্ট পৰিমাণে সতেজ ফলমূল আৰু পাচলি থাকে। খোৱা-লোৱাৰ ওপৰত চকুৰ স্বাস্থ্য গভীৰভাবে নির্ভৰশীল। স্বাস্থ্যকৰ খাদ্যাভ্যাস চকুৰ সুস্থতাৰ বাবেও অপৰিহার্য।

Eye Care Supplements Market e1600567190236 | ASSAM TIMES POST

গ্লোকোমা:

ৰোগীৰ অজানিতেই তেওঁৰ দৃষ্টিৰ বিস্তৃতি পৰিধিৰ পৰা ক্ষয় হৈ হৈ কেন্দ্রীভূত হৈ পৰে। ৰোগীয়ে হয়তো বহু দূৰ পৰ্যন্ত স্পষ্ট দেখিছে, কিন্তু সেয়া এক গোলাকাৰ নলীৰ মাজেদি দেখাৰ দৰে। ওচৰ-পাজৰৰ বস্তু দেখা নাপায়। গাড়ী চলোৱাত অসুবিধা হয়। লক্ষণ ফুটি নোলায়, সেয়ে ধৰা পৰোতেও বহু সময়ত দেৰি হৈ যায়।

ৰোগৰ কাৰণ, অপটিক নার্ভ ক্ষতিগ্রস্ত হোৱা। ক্ষতি হোৱাৰ কাৰণ চকুৰ ভিতৰত ইন্ট্রাঅকিউলাৰ প্রেছাৰ। অক্ষিগোলকৰ ভিতৰত যি তৰল থাকে, তাৰ নাম একুৱাছ হিউমাৰ। ইয়াৰ চাপ নির্দিষ্ট মাত্রা পাৰ কৰিলে অপটিক নার্ভত চাপ পৰি দৃষ্টিশক্তিৰ ক্ষতি হয়।

58e088e484a2cfa3f654cce69ab7716e701084b5 2844x1662 2 | ASSAM TIMES POSTবিশিষ্ট চক্ষু বিশেষজ্ঞ ডাঃ সুমিত চৌধুৰীয়ে কয়, “যেতিয়া ৰোগীয়ে গম পায়, তেতিয়ালৈ ক্ষতি বহুখিন হৈ যায়। দৃষ্টিশক্তি কমি যায়, ৰোগীৰ চকু জপোৱা যেন হয়, তেতিয়া বুজিব লাগিব কেন্দ্রীয় দৃষ্টিশক্তিৰো ক্ষতি হ’বলৈ আৰম্ভ কৰিছে। বিশেষ কোনো গ্লোকোমাৰ ক্ষেত্রত চকুৰ দৃষ্টি খুব অনুজ্জ্বল হৈ যোৱাৰ লগতে চকুত বিষ কৰা বা ৰঙা হোৱাৰ দৰে লক্ষণ দেখা যায়।

চছমাৰ কাচৰ পাৱাৰ খুব কম সময়ৰ ব্যৱধানত বাৰম্বাৰ সলনি কৰাও গ্লোকোমাৰ লক্ষণ হ’ব পাৰে। বহু সময়ত দেখা গৈছে, যিসকলৰ চকুত বেছি মাইনাছ পাৱাৰ, টাইপ টু ডায়েবেটিছ আছে, চকুত কোনো আঘাত বা আঘাত লগাৰ দৰে ঘটনা ঘটিছে, থাইৰয়েড, মাইগ্রেন, পৰিয়ালৰ কোনোবাৰ গ্লোকোমা ধৰা পৰিছে, দেহৰ ওজন খুব বেছি, বহু দিন ধৰি ষ্টেৰয়েডজাতীয় ঔষধ খালেও এই ৰোগৰ আশঙ্কা বেছি।”

ৰোগ নির্ণয়ৰ পদ্ধতিত তেওঁ কয়, “প্রথমতে ৰোগীৰ চকুৰ চাপ বা আইঅপি চেক কৰা হয়। আইঅপি চোৱাৰ পিছত গোনিঅস্কোপিৰ মাধ্যমেৰে চকুৰ ভিতৰৰ কোণ বা এঙ্গল অফ এন্টেৰিয়ৰ চেম্বাৰ পৰীক্ষা কৰা হয়। ইয়াৰ মাধ্যমেৰে গ্লোকোমাক অপেন এঙ্গল বা ক্লজড এঙ্গল গ্লোকোমাত ভাগ কৰা হয়।

অপেন এঙ্গল হ’লে বুজিব লাগিব চকুৰ ভিতৰত একুৱাছ হিউমাৰৰ চাপ বাঢ়িছে, কিন্তু তৰল বাহিৰ ওলোৱাৰ পথ খোলা আছে। ক্লজড এঙ্গলৰ ক্ষেত্রত এই পথটি বন্ধ হৈ যায়। চকুত বহু সময়ত বিষ হয়, ৰঙা হয় আৰু চছমাৰ পাৱাৰ সলনি কৰিবলগা হয়।”

এই ক্ষেত্ৰত ডাঃ চৌধুৰীয়ে কয়, “ৰোগটো যিমান আগতে ধৰা পৰে, সিমান দ্রুতভাৱে ক্ষতি ৰোধ কৰাটো সম্ভৱ। যিমানখিনি দৃষ্টিশক্তি নষ্ট হৈছে, সেয়া পুনৰ ঘূৰি নাহে, কিন্তু অৱশিষ্ট দৃষ্টিশক্তি সুৰক্ষিত ৰাখিব প ৰাযায়।

এই পদ্ধতিত চিকিৎসকে কেৱল প্রেছক্রিপচনেই দিয়ে, বাকীখিনি নির্ভৰ কৰিছে ৰোগী আৰু তেওঁৰ পৰিয়ালৰ সতর্কতাৰ ওপৰত। নিয়ম মানি ঔষধ প্রয়োগ কৰি চলাৰ লগে লগে নির্দিষ্ট সময়ৰ ব্যৱধানত চকু পৰীক্ষা কৰাব লাগিব। তেতিয়াহে প্রতিৰোধ কৰা সম্ভৱ গ্লোকোমাজনিত দৃষ্টিহীনতা।”

Tags: health
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx