কেন্দ্রীয় বিত্ত ৰাজ্যমন্ত্রী অনুৰাগ ঠাকুৰে এগৰাকী সাংসদৰ প্রশ্নৰ উত্তৰত জনায় যে ২০১৫ চনৰ পৰা ২০১৯ চনৰ ডিচেম্বৰ পর্যন্ত দেশ এৰিছে মুঠ ৩৮ জন বেংক প্ৰৱঞ্চকে।
এগৰাকী সাংসদৰ প্রশ্নৰ উত্তৰত অনুৰাগ ঠাকুৰে জনায় যে ২০১৫ চনৰ জানুৱাৰীৰ পৰা চিবিআই-এ বেংক জালিয়াতিৰ তদন্ত কৰি থকা এই ৩৮জন উদ্যোগপতিয়ে ভাৰত এৰি পলায়ন কৰিছে। অৱশ্যে এই ৩৮জনে ঠিক কিমান টকাৰ দুর্নীতি কৰিছে সেই হিচাব কেন্দ্রই জনোৱা নাই।
কিন্তু এই সংখ্যাটো যে বিশাল পৰিমাণৰ হ’ব তাক সহজেই অনুমান কৰিব পাৰি। কাৰণ ২০১৫ চনৰ পিছত ভাৰত এৰি পলোৱাসকলৰ ভিতৰত বিজয় মালিয়া, মেহুল চকসি, নীৰৱ মোদীৰো নাম আছে। যিসকল হাজাৰ হাজাৰ কোটি টকাৰ জালিয়াতিত অভিযুক্ত।