ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং- নাগালেণ্ড সীমান্তঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্মই আৰক্ষীৰ নিদ্ৰা হৰণ কৰি ৰখাৰ সমান্তৰালকৈ এইক্ষেত্ৰত আৰক্ষীয়েও লাভ কৰিছে কেইবাটাও উল্লেখযোগ্য সফলতা ৷
শেহতীয়াকৈ কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে কাৰবি আংলং জিলা আৰক্ষীয়ে নাগালেণ্ড সীমামূৰীয়া এলেকাত একাধিক অভিযান চলাই বহু পৰিমানৰ ড্ৰাগছ সহ কেইবাটাও সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷
আজি এক ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩০০ গ্ৰাম ব্ৰাউন চুগাৰ লগতে দুটা সৰবৰাহকাৰী আটক কৰে ৷ আটকাধীন দুই যুৱক ক্ৰমে, বাঁশকান্দিৰ ৰবীন সিং আৰু মণিপুৰৰ সেনাপতি জিলাৰ কুমৌ কাইডাই।
বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানাৰ অ’চি মৌবলিক ব্ৰক্ষ্ম, বৰপথাৰ থানাৰ চিআই ভূপেন কলিতা আৰু ষ্টাফ সহ অভিযান চলাই ডিমাপুৰৰ পৰা আনি থকা অৱস্থাত আৰক্ষীয়ে ২৩ টাকৈ চাবোনৰ বাকছত ২৯৬’৫২ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷
জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰমূল্য প্রায় ২৩ লাখ টকা বুলি জানিব পৰা গৈছে। বিগত ছমাহত আৰক্ষী বিষয়াজনৰ নেতৃত্বত বোকাজানত জব্দ হৈছে প্ৰায় ২ কেজি ৫০০ গ্ৰাম ব্ৰাউন চুগাৰ যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৭ কোটিৰো অধিক। জিলাখনত ধাৰাবাহিক ভাবে উদ্ধাৰ হৈ থকা বৃহৎ পৰিমাণৰ ড্ৰাগছৰ বাবে বৌদিক মহল উদ্বিগ্ন হৈ পৰিছে ৷৷












