![]()
স্টাফ ৰিপৰ্টাৰ, ডিফু :
আজি কাৰবি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিলে আন এক বৃহৎ সফলতা ৷ বিগত কোইবাদিন ধৰি কাৰবি আংলং- নাগালেণ্ড সীমামূৰীয়া এলেকাত কাৰবি আংলং আৰক্ষীয়ে ধাৰাবাহিক ভাবে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ, গাঞ্জা হেৰইন সহ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হোৱাৰ পিছত পুণৰ আজি হেৰইন সহ দুটা সৰবৰাহকাৰী আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ৪ মান বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্ৰী লগতে লাহৰিজান পহৰাচকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজল গগৈ আৰু সংগীয় ষ্টাফ সহ এখন AS 25 DC 6816 পঞ্জীয়ন নম্বৰৰ টাটা ডিআই গাড়ীত তালাচী চলাই গাড়ীখনৰ স্পেয়াৰ টায়াৰৰ ভিতৰৰ পৰা ৫৭২ গ্ৰাম ওজনৰ হেৰইন ভৰ্তি ৩৩ টা চাবোনৰ বাকছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়

প্ৰাথমিক পৰীক্ষাত ড্ৰাগছ ডিটেকছন কিটত এইখিনি হেৰইন বুলি নিশ্চিত কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত গোলাঘাট জিলাৰ চুঙাজান থানা এলেকাৰ পাঁচমুখী গাঁৱৰ ছবৰ আলীৰ পুত্ৰ ছাদ্দাম হুছেইন (২৫) আৰু নগাওঁ জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত তজমুল হুছেইনৰ পুত্ৰ কাছেম আলী (২৯) ক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷













