ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটীত প্ৰায় ৩০ লক্ষ্যাধিক টকাৰ গাঞ্জা জব্দ হোৱা কাৰ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ দুই- এদিন পূৰ্বে মাঞ্জা আৰক্ষীয়ে প্ৰায় ৫ কোটিতকৈও অধিক মূল্যৰ অবৈধ ড্ৰাগছ সহ এজন লোকক গ্ৰেপ্তাৰৰ ঘটনা মাৰ নৌযাওঁতেই আজি খটখটীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বোকাজানৰ খটখটী আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা ।
এই কাৰ্যই অসম নাগালেণ্ড সীমান্তৰ খটখটী আৰক্ষীৰ পুনৰ এক সাফল্য হিচাপে পৰিগণিত হৈছে । বোকাজানৰ খটখটী থানা আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় প্ৰায় ৪০০কেজি গাঞ্জা । জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লক্ষ্যাধিক টকা ৷
অভিযানকাৰী দলটোৱে খটখটীৰ বিনোদ ছাৰ্ভিচিং চেণ্টাৰত ৰখাই থোৱা অৱস্থাত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে গাঞ্জা খিনি । আৰক্ষী গৈ পোৱাৰ আগতেই ট্ৰাক খনৰ চালক হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয় । জানিব পৰা মতে আৰক্ষীয়ে চালক হেণ্ডিমেনৰ বিৰুদ্ধে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে ।










