ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সামাজিক মাধ্যমত বিগত সময়ছােৱাত ৰাষ্ট্রবিৰোধী স্থিতি প্রদর্শন কৰি অহাৰ অভিযােগত হাওৰাঘাট আৰক্ষীয়ে যােৱানিশা এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱকজন হাওৰাঘাট থানাৰ অন্তর্গত এৰা দীঘলপানীৰ মহেন্দ্ৰ বৰাৰ পুত্র পার্থ বৰা অসম ওৰফে পার্থ প্রতীম বৰা (২৫) বুলি জানিব পৰা গৈছে।
প্রাপ্ত তথ্য অনুসৰি ধৃত যুৱকজনে বিগত সময়ছােৱাত সামাজিক যােগাযােগৰ মাধ্যম ফেচবুকত পার্থ বৰা অসমৰ নামত এক একাউন্ট খুলি উক্ত একাউন্টযােগে ৰাষ্ট্রবিৰােধী বিভিন্ন মন্তব্য প্রকাশ কৰি আহিছিল।
বিষয়টো অসম আৰক্ষীৰ দৃষ্টিগােচৰ হােৱাৰ পিছতে অভিযান চলাই যুৱকজনক গ্রেপ্তাৰ কৰা হয়। এই সন্দর্ভত হাওৰাঘাট থানাত ৪৯/২০২০ নম্বত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪(এ), চেকশ্যন ৮৪ (চি) আই টি আইনৰ অধীনত এক গােচৰ পঞ্জীয়ন কৰি আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্রেৰণ কৰা হয়।












