![]()
নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২৭৭২গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২৭৭২ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৩৪৩৭৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ১৭৩৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩৮৯জন কামৰূপ মেট্ৰ, ১৭৫জন কাছাৰ, ১১৬জন ডিব্ৰুগড় আৰু ১১২জন বৰপেটাৰ। আক্ৰান্তৰ হাৰ ৫.০৪ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৬০৫২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২২৭০৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৬৩১২০ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২২১গৰাকীলৈ বৃদ্ধি পালে।












