![]()
গুৱাহাটী:
প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া চমুকৈ পিচিআইক শক্তিশালী কৰি মিডিয়া কাউন্সিল অব ইণ্ডিয়া চমুকৈ এমচিআই হিচাপে নামকৰণ কৰিবলৈ আহ্বান জনাইছে জাৰ্নেলিষ্ট ফৰাম অসম চমুকৈ ‘জেএফএ’ই। এক বিবৃতিত জেএফএই উল্লেখ কৰে যে ভাৰতত সংবাদপত্ৰ আৰু সংবাদপ্ৰতিষ্ঠানসমূহ পিচিআইৰ অধীনষ্ঠ হোৱাৰ বিপৰীতে টেলিভিছন আৰু ডিজিটেল সংবাদ মাধ্যমসমূহ ইয়াৰ অন্তৰ্গত নহয়।
যাৰ সুবাদতে বৰ্তমান সময়ত গঢ়ি উঠিছে অনেক ডিজিটেল/প’ৰ্টেল মাধ্যম। আনহাতে ইয়াৰ অধিকাংশই সাংবাদিকতাৰৰ নীতি-নিদেৰ্শনা উলংঘা কৰি আহিছে । ফলত বিভিন্ন সময়ত এনে ডিজিটেল মাধ্যমৰ লগত জড়িত থকা সংবাদকৰ্মী আটক হ’ব লগীয়া হৈছে।
জেএফএৰ সভাপতি ৰূপম বৰুৱা আৰু সম্পাদক নৱ ঠাকুৰীয়াই কয় যে কেৱল অসমতে 200 ৰো অধিক নিউজ পৰ্টেল আছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত ইয়াৰ সংখ্যা হব লাখৰো অধিক ।
নিৰ্ধাৰিত নীতি-নিয়মৰ মাজৰে পৰিচালিত নোহোৱাৰ বাবে এনেধৰনৰ ডিজিটেল মাধ্যমে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো ভাবুকিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে জেএফএই। সেয়ে সংবাদ পত্ৰ আৰু সংবাদপ্ৰতিষ্ঠানৰ লগতে টেলিভিছন আৰু ডিজিটেল সংবাদমাধ্যম সমূহক সামৰি মিডিয়া কাউন্সিল গঠনৰ আহ্বান জনাইছে সংগঠনটোৱে ।











