![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হ’ব লগা নতুন ৰাজনৈতিক দলক শুভেচ্ছা কৃষক মুক্তি সংগ্ৰাম সমিতি।আছু নেতৃত্বত গঠন হ’ব লগা ৰাজনৈতিক দলটোৰ প্ৰতি কৃষক মুক্তি সমৰ্থন থাকিব নাই সেইয়া সময়ত নিৰ্ধাৰণ হ’ব।
কিন্তু শুভেচ্ছা থাকিব নতুন ৰাজনৈতিক দলটোৰ প্ৰতি- এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৃষক মুক্তি সংগ্রাম সমিতি সভাপতি ভাস্ক-ডি শইকীয়া। কা’ বিৰোধী সকলো শক্তি একেলগ হৈ বিজেপি বিৰুদ্ধে অৱৰ্তীন হ’ব লাগে বুলিও লগতে তেওঁ কয়।
আনহাতে আছু-যুৱ ছাত্ৰ পৰিষদে গঠন কৰা ‘অসম পৰামৰ্শদাতা কমিটি’ সন্দৰ্ভত কৃষক নেতা গৰাকীয়ে কয় – কমিটীখন যোগ্য মানুহক লৈ গঠন কৰা হৈছে।আশা কৰো ভাল কাম কৰিব”।
ইফালে কাৰবন্দী কৃষক নেতা অখিল গগৈ মুক্তি বাবে আছু নেতৃত্বই কৰি অহা দাবীকো ধন্যবাদ জনায় শইকীয়াই।
অভিনেতা যতীন বৰাক সুবিধাবাদী ৰাজনীতি বুলি উল্লেখ কৰি তেওঁ কয়- কা’ বিৰোধিতা কৰি ওলাই অহা যতীন বৰাই এতিয়া লাভলুটি মাৰিছে।সুবিধাবাদী ৰাজনীতিকৰ পৰা ৰাইজে আশা কৰিব লগা একো নাই”।
গুৱাহাটীৰ গান্ধীবস্তি কৃষক মুক্তি সংগ্ৰাম সমিতি কাৰ্যলয়ত সম্বোধন কৰা সংবাদমেলত এইদৰে কয় সভাপতি গৰাকীয়ে।












