![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বৃহস্পতিবাৰে গুৱাহাটীৰ প্ৰেছ ক্নাৱত লেখিকা পৰিণীতা ভট্টাচাৰ্য্য কটকীৰ “লকডাউন ডায়েৰীত ক’ৰোনাৰ দিনবোৰ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।
গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কামৰূপ জিলা প্ৰাক্তন উপায়ুক্ত তথা বিশিষ্ট অনুবাদক,লেখক- সমালোচক দীপক গোস্বামীয়ে৷গ্ৰন্থউন্মোচনী সভাপতি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লোকসভা প্ৰাক্তন সাংসদ ড° অৰুণ শৰ্মা, যশস্বী নাট্যকাৰ,লেখক ,পৰিচালক প্ৰভাত গোস্বামী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰমেন কুমাৰ শৰ্মা।সাম্প্ৰতিক সময়ৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা গ্ৰন্থখনত আছে ২৬ টাকৈ লেখা। উল্লেখ লেখিকা কটকীৰ গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ ব্ৰহ্মা বুক্ছৰ হৈ চন্দনা লহকৰে৷
“ক’ভিড প্ৰ’টকল” মানি আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে সাংবাদিক দৰ্শনা বৰুৱাই।প্ৰয়াত প্ৰাঞ্জল ভট্টাচাৰ্য্য আৰু প্ৰান্তিক ভট্টাচাৰ্য্য স্মৃতিত অৰ্পণ কৰা গ্ৰন্থখনত “ক’ৰ’না আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা”, “লকভাউন আৰু এক ভয়ংকৰ বাস্তৱ , “ক’ৰ’না আৰু ইটো সিটো” , “ক’ভিড-১৯ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, “ক’ৰ’না — হাঁহি আৰু কান্দোন” , “ক’ভিড -১৯ আৰু অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,” “লকডাউন আৰু মানুহৰ জীৱন” আদি বিশ্লেষণধৰ্মী লেখা অন্তৰ্ভূক্ত কৰিছে ।
গুৱাহাটী গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী তথা পূৰ্বে তিনিখনকৈ ইংৰাজী ভাষাত গ্ৰন্থ প্ৰকাশ হোৱা লেখিকা পৰিণীতা ভট্টাচাৰ্য্য কটকীয়ে ক’ৰোনা কালৰ দুঃসময়খিনিত ইতিবাচক আৰু যোগাত্মক চিন্তা নিজৰ কলমৰে নিগৰাই দিয়াৰ লগতে প্ৰয়াস কৰিছে ভৱিষ্যত প্ৰজন্মই বৰ্তমানৰ সংকটকালৰ কথাবোৰ ভৱিষ্যতে অনুভৱ কৰিব পাৰে।












