![]()
নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২০৫৪ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২০৫৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে বুধবাৰৰ দিনটোত ৰাজ্যত ৪০৩৮৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২১১৬গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩১১জন কামৰূপ মেট্ৰ, ১৯০জন কাছাৰ, ১৭৪জন ডিব্ৰুগড় আৰু ১২৫জন যোৰহাটৰ।আক্ৰান্তৰ হাৰ ৫.২৩ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৪৩১৭ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৩৭৫৩ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৬০,৩৪৮ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২১৩গৰাকীলৈ বৃদ্ধি পালে।












