![]()
নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৫৬০গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৫৬০ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে মঙ্গলবাৰ দিনতোত ৰাজ্যত ৪,৪৪,১৬টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২৫৩৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪৯৮জন কামৰূপ মেট্ৰ, ২৬৭জন ডিব্ৰুগড়, ২৪৪জন কাছাৰ আৰু ১৪৫জন কামৰূপ গ্ৰাম্যৰ। আক্ৰান্তৰ হাৰ ৫.৭ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮২২০১ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৫২৬১ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৫৬৭৩৪ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২০৩গৰাকীলৈ বৃদ্ধি পালে।












