![]()
নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৫১৯ গৰাকী। বিগত ২৪ ঘন্টাত ১৫১৯ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে সোমবাৰে ৰাজ্যত ৪৯,৫১০টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২৭৯২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪৫৮জন কামৰূপ মেট্ৰ, ১৯৫জন কামৰূপ গ্ৰাম্য, ২২৭জন কাছাৰ, ২২৫জন ডিব্ৰুগড়ৰ। আক্ৰান্তৰ হাৰ ৫.৬৩ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭,৯৬৬৭জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২২৭৩৩ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৫৬৭,৩৪ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৯৭ গৰাকীলৈ বৃদ্ধি পাল












