![]()
স্বাস্থ্য প্ৰতিবেদনঃ
শৰীৰৰ পৃথক যত্নত প্রয়োজন আমলখিৰ। নিয়মিত আমলখি খালে বহু উপকাৰ পাব। চর্দি, কাহ আৰু ডিঙিৰ বিষ দূৰ কৰি ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাসহ বহু গুণাগুণ আছে আমলখিৰ। স্কার্ভি বা দন্ত্যৰোগ ভাল কৰিবলৈ এইবিধ ফলৰ গত্যন্তৰ নাই। ইয়াৰ উপৰি লিভাৰ, জণ্ডিচ, পেটৰ বিষ আৰু ৰক্তহীনতাৰ বাবেও খুবেই উপকাৰী।
আমলখিৰ আৰু কি কি গুণাগুণ

প্রতিদিনে পুৱা আমলখিৰ ৰসৰ সৈতে মৌ মিহলাই খালে ত্বকৰ ক’লা দাগ দূৰ হয় আৰু উজ্জ্বলতা বাঢ়ে। আমলখিত থকা ভিটামিন চিয়ে ত্বক আৰু চুলি ভালে ৰাখে। চুলিৰ উফিৰ সমস্যা দূৰ কৰে আৰু পকা চুলি প্রতিৰোধ কৰে। চুলিৰ গুৰিয়ে যে মজবুত কৰে সেয়া নহয়, ই চুলিৰ বৃদ্ধিতো সহায় কৰে।
প্রতিদিনে আমলখিৰ ৰস খালে নিঃশ্বাসৰ দুর্গন্ধ দূৰ হয় আৰু দাঁত মজবুত হৈ থাকে।
নিয়মিত আমলখি খালে হজম ক্ষমতা আৰু খোৱাৰ ৰুচি বাঢ়ে। খাদ্যৰ সৈতে আমলখিৰ আচাৰে হজমত সহায় কৰে। ইয়াৰ উপৰি উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰি শৰীৰক সুস্থ ৰাখে। আমলখিৰ ৰসে কোষ্ঠকাঠিন্য তথা পাইলছৰ সমস্যা দূৰ কৰাত সহায় কৰে। ই ৰক্তহীনতা দূৰ কৰাতো সহায় কৰে।
এন্টিঅক্সিডেন্টেৰে ভৰপুৰ আমলখিয়ে শৰীৰৰ বিষাক্ত পদার্থ বাহিৰ কৰি কেন্সাৰৰ কোষ বৃদ্ধিত বাধা দিয়ে। এক গিলাচ গাখীৰ বা পানীৰ সৈতে আমলখিৰ গুড়ি আৰু সামান্য চেনি মিহলাই দিনত দুবাৰ খাব পাৰিলে এচিডিটিৰ সমস্যা কমে। আমলখিৰ ৰসে দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে।

ইয়াৰ উপৰি চকুৰ বিভিন্ন সমস্যা যেনে চকুৰ প্রদাহ, পানী ওলোৱা সমস্যাৰ পৰা ৰেহাই দিয়ে।
আমলখিয়ে মুখৰ ৰুচি আৰু স্বাদ বঢ়ায়। ৰুচি বৃদ্ধি আৰু সোৱাদ বঢ়াবৰ বাবে আমলখিৰ গুড়িৰ সৈতে সামান্য মৌ আৰু মাখন মিহলাই খোৱাৰ আগতেখাব পাৰে। ইয়ে মানসিক চাপ কমায়। ব্রঙ্কাইটিছ আৰু এজমাৰ বাবে আমলখিৰ জুচ উপকাৰী।
শৰীৰৰ কার্যক্ষমতা বঢ়াই তোলে, পেশী মজবুত কৰে। কফ, বমি, অনিদ্রা, বিষ-বেদনাত আমলখি বহু উপকাৰী। শৰীৰৰ অপ্রয়োজনীয় ফেট কমোৱাত সহায় কৰে আমলখিয়ে। ই হৃদযন্ত্র, হাওঁফাওঁক শক্তিশালী কৰে আৰু মস্তিষ্কৰ শক্তিবর্ধন কৰে। আমলখিৰ আচাৰ বা মোৰাব্বাই মস্তিষ্ক আৰু হৃদযন্ত্রৰ দুর্বলতা দূৰ কৰে।
লোহিত ৰক্তকণিকাৰ সংখ্যা বৃদ্ধি কৰি দাঁত আৰু নখ ভালে ৰাখে। ইয়াৰ অ্যান্টিঅক্সিডেন্ট উপাদানে বুঢ়া হৈ যোৱা আৰু চেল ডিজেনাৰেচন প্রতিৰোধ কৰাত সহায় কৰে। ব্লাড ছুগাৰ লেভেল নিয়ন্ত্রণত ৰাখি ডায়াবেটিছ প্রতিৰোধ কৰাত সহায় কৰে। কলেষ্টেৰল লেভেলো কম ৰখাত যথেষ্ট সহায় কৰে। এই ফলবিধ বহি গুণৰ এবিধ ফল হ’লেও চিকিৎসকৰ পৰামর্শ অনুযায়ী কিডনি ৰোগীসকলে আমলখি খোৱা উচিত।

আমলখিৰ পুষ্টিগুণ সম্পর্কে পুষ্টিবিদ ডাঃ ফাৰহানা কবিৰে আৰটিভি অনলাইনক কয়, আমলখিত মধুৰিআমতকৈও ১০ গুণ আৰু কাজি নেমুতকৈ ৩ গুণ বেছি ভিটামিন ‘চি’ আছে। ইয়াৰ উপৰি আমলখিত কমলাতকৈ ১৫-২০ গুণ বেছি, আপেলতকৈ ১২০ গুণ বেছি, আমতকৈ ২৪ গুণ আৰু কলতকৈ ৬০ গুণ বেছি ভিটামিন ‘চি’ আছে। এজন প্ৰাপ্তবয়স্ক লোকৰ প্রতিদিনে ৩০ মিলিগ্রাম ভিটামিন ‘চি’ দৰকাৰ, যিটো দিনত দুটাকৈ আমলখি খালেই পোৱা যায়।
সকলো ধৰণৰ ত্বকৰ বাবে উপযোগী, ই কলাজেন সমৃদ্ধ এটি ময়শ্চাৰাইজাৰ। কলাজেনৰ প্রধান কাম হৈছে ই আমাৰ দেহৰ ভিতৰত এটি ফাইবাৰ নেটৱর্ক সৃষ্টি কৰে যিয়ে মৃত কোষক পুনঃস্থাপন কৰি নতুন কোষৰ সংখ্যা বৃদ্ধি কৰে আৰু আমাৰ ছালৰ যৌৱন ধৰি ৰাখে। ছালক অধিক সুস্থ্য কৰি তোলে।
কাম
* ক্ষয়প্ৰাপ্ত ছালৰ মেৰামতিতো কৰেই তাৰ লগতে ছালক বহুখিনি উজ্জ্বল কৰি তোলে। ই এন্টি এজিঙৰ কাম কৰে আৰু ছালৰ যৌৱন ধৰি ৰাখে।
* ছালৰ মইশ্বাৰ ধৰি ৰাখি ছালৰ কোষবোৰক যথেষ্ট স্বাস্থ্যৱান আৰু সতেজ কৰি ৰাখে।













