![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস।বিজেপি চৰকাৰৰ বানপানী নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এই প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ।বিজেপি চৰকাৰৰ বান নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰতিলিপি দাহ কৰি নৰেন্দ্ৰ মোডী গ’ বেক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতাৰণা বিৰোধী দিৱস কাৰ্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় বিজেপি হাজাৰ হাজাৰ ব্যৰ্থ প্ৰতিশ্ৰুতিৰ মাজৰ পৰা কেৱল বানপানী সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা প্ৰতিশ্ৰুতি বিৰুদ্ধে গ্ৰহণ কৰা হৈছে প্ৰতাৰণা বিৰোধী দিৱস।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনৰ পহিলা আগষ্টত গুৱাহাটীত অসম চৰকাৰৰ কেবিনেটৰ লগত আলোচনা মৰ্মে কৰা বান নিয়ন্ত্ৰণৰ ঘোষণা প্ৰতিশ্ৰুতি কত গ’ল উত্তৰ- পূৰ্বাঞ্চলৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বাবে ২৩৫০ কোটি টকা।তৎকালীন অসমৰ ২৫০কোটি, ব্ৰহ্মপুত্ৰ খহনিয়া ৰোধৰ ৪০০ কোটি, ব্ৰহ্মপুত্ৰ অৱবাহিকা অধ্যয়নৰ ১০০কোটি টকা কি হ’ল- বৰাই কয়।
মুখ্যমন্ত্ৰী সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীয়ে দিয়া ১ লাখ কোটি টকাৰ ব্ৰহ্মপুত্ৰ পাৰৰ এক্সপ্ৰেছ হাইৱে ঘোষণা কি হল বুলি উল্লেখ কৰি বৰাই কয়- বিজেপিৰ ভিজন ডকোমেণ্টৰ বান নিয়ন্ত্ৰণ নিৰ্বাচনী প্ৰতিশ্ৰুতি কিয় কাৰ্যকৰী নহল।
ব্ৰহ্মপুত্ৰ খননৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ ড্ৰেজাৰ কেতিয়া আহিব বুলি উল্লেখ কৰি বৰাই লগতে কয়-নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱৰ সপোন বোৰ কেতিয়া পূৰণ হ’ব।
উল্লেখ সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে আজি গ্ৰহণ কৰিছে বিজেপিৰ প্ৰতাৰণা বিৰোধী দিৱস।
ৰাজীৱ ভৱনৰ কাৰ্যসূচীত আজি উপস্থিত থাকে শৰৎ বৰকটকী, ন কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মা, ৱাজেদ আলি চৌধুৰী প্ৰমুখ্যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্ব।












