নিউজ ডেস্ক:
ক’ভিড-১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা যোৱাৰ পাছত এজন ব্যৱসায়ী আৰু তেওঁৰ পত্নীৰ দেওবাৰে মৃত্যু হয়৷ আনহাতে হাপানি ৰোগত আক্ৰান্ত লোকজনৰ মাতৃ ১৫ দিনৰ আগতে মৃত্যু হৈছিল৷ উল্লেখ্য যে লোকজনৰ লগতে তেওঁৰ পত্নী যোৱা ২৬ জুলাইত ক’ৰোনাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে৷
চক্ৰ পৰিদৰ্শক এম কৰুণাকৰে এই কথা জনাইছে৷ এজন পুত্ৰ সন্তান থকা এই দম্পতীৰ নমুনা ২৪ জুলাইত সংগ্ৰহ কৰা হয়৷ তাৰ পাছতে ২৬ জুলাইত তেওঁলোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ বাবে অনন্তপুৰৰ নাৰায়ণ কলেজ ক’ভিড-১৯ কেয়াৰ চেণ্টাৰত ভৰ্ত্তি কৰে৷
তেওঁলোকক ৩১ জুলাইৰ নিশা চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে৷ ইপিনে চক্ৰ বিষয়াজনে জানিবলৈ দিয়ে যে এখন সৰু দোকানত সামগ্ৰী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৱে আৰ্থিক সমস্যাত পৰিছিল৷ তেওঁলোকে দোকানখনত বিক্ৰী আৰম্ভ কৰিছিল৷ পৰিয়ালৰ সূত্ৰ মতে পৰিচিত ব্যক্তিসকলৰ মতে তেওঁলোকৰ আন সমস্যা নাছিল৷ এইদৰে চক্ৰ বিষয়াজনে উল্লেখ কৰে৷