![]()
নিউজ ডেক্স:
আজি দিনটোত অসমত কাল ক’ৰোনাত আক্ৰান্ত হৈ তিনিজন লোকৰ মৃত্যু হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি ধুবুৰীত প্ৰথমজন কোভিড আক্ৰান্তৰ মৃত্যু হয় ৷ধুবুৰী জিলাত প্রথমজন ক’ৰোনাত আক্রান্ত ৰোগীৰ মৃত্যুত চাঞ্চল্যৰ সৃষ্টি হয় ৷ গৌৰীপুৰ থানাৰ দুমুৰদহ তৃতীয় খণ্ডৰ মহেন্দ্র ৰায়ৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত মাজনিশা মৃত্যু হয় ৷
ইয়াৰোপৰি দেৰগাঁৱৰ নাহৰণিত ক’ৰোনাত আক্ৰান্তহৈ আন এগৰাকী লোকৰ মৃত্যু হয় ৷ মৃত ব্যক্তিজনৰ নাম আমিৰুল হক ।মৃত ব্যক্তিজনৰ বয়স আছিল ৭০ বছৰ ।তেওঁ হৃদৰোগতো আক্ৰান্ত হৈ আছিল ।
আনহাতে আজি কোকৰাঝাৰতো ক’ৰোনা আক্রান্তত মৃত্যু হয় তপন দাস নামৰ এগৰাকী ব্যক্তিৰ। দেওবাৰে পুৱা ৪ বজাত মৃত্যু হয় তপন দাসৰ।কৰ্কট ৰোগত আক্রান্ত আছিল ৫৬ বৰ্ষীয়া ব্যক্তিজন।বাতৰি লিখা পৰলৈকে আজি অসমত কাল কৰ’নাই তিনিজনৰ প্ৰাণ ললে ৷












