![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীত এগৰাকীৰ ক’ৰোনা আক্ৰান্তই নিদ্ৰাহৰণ কৰিছে স্বাস্থ্য বিভাগক।বাৰে বাৰে চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে এগৰাকীৰ মহিলা কভিড আক্রান্তই।একেৰাহে চতুৰ্থবাৰ চিকিৎসালয় পৰা ওলাই আহিল লখিমী দেৱী নামৰ মহিলা আক্রান্ত গৰাকী।
উল্লেখ যে প্ৰথম মহিলা গৰাকীক ভৰ্তি কৰোৱা হৈছিল কালাপাহাৰৰ কভিড চিকিৎসালয়ত।তাৰ পৰাৰ পলায়ন কৰে মহিলা গৰাকী।পুনৰ স্বাস্থ্য বিভাগে আৰক্ষীৰ সহযোগত পলায়ন কৰা দেৱীক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
তাৰ পৰাও পুনৰ পলায়ন কৰে আক্রান্ত মহিলা গৰাকীৰ।পুনৰ স্বাস্থ্য বিভাগে আক্রান্ত মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাই।তাৰ পাছতে আত্মহত্যাৰ কৰা চেষ্টা চলাই চিকিৎসালয়তে।কিন্তু নিৰাপত্তাৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় মহিলা গৰাকীক।
ইয়াৰ পাছতে পুনৰ পূৰ্বৰ দৰে চিকিৎসালয়ৰ পৰা পলায়ন কৰে আক্রান্ত মহিলা গৰাকীয়ে।আকৌ স্বাস্থ্য বিভাগে আৰক্ষীৰ সহযোগত আটক কৰি ভৰ্তি কৰে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়।পুনৰ আজি চিকিৎসালয় কৰ্তৃপক্ষ আৰু নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি ওলায় আহে চিকিৎসালয় পৰা। পলায়ন কৰা মহিলা গৰাকীক মহানগৰীৰ হায়াত হাস্পতালৰ সন্মুখত ৰৈ থকা অৱস্থাত পুনৰ আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগে আটক কৰি ভৰ্তি কৰাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।
উল্লেখ যে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি মানসিক ভাৱে বিকাৰগ্ৰস্ত মহিলা গৰাকীৰ।চিকিৎসালয় ভিতৰতো মহিলা আক্রান্ত গৰাকীয়ে চিকিৎসাকৰ্মী সকলক বিভিন্ন সময়ত সমস্যাত পেলাইছে।
আনহাতে বাৰে বাৰে স্বাস্থ্য বিভাগৰ বেহুফালি ওলাই অহা মহিলা গৰাকীক লৈ চিন্তিত হৈ পৰিছে মহানগৰবাসী।












