![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত আনল’ক ৩.০ সন্দৰ্ভত নতুন নিৰ্দেশনা মুখ্য সচিবৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা শিথিলতা অসমত বলৱত্ নহ’ব বুলি শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱাৰ পিছত আজি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এখন নতুন গাইড লাইন।আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্ট সন্ধিয়া ৭ বজালৈকে পালন কৰিব লাগিব এই সমূহ নীতি-নিৰ্দেশনা।


*সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব জিম, যোগাভ্যাস কেন্দ্ৰ, শ্বপিং মল। কিন্তু প্ৰতিদিনে গুৱাহাটী মহানগৰীত পথৰ এফালেহে খুলিব পাৰিব।
*শণিবাৰ আৰু দেওবাৰক বাদ দি ৰেষ্টুৰেণ্ট, হোটেল খুলিব পাৰিব। কিন্তু সামাজিক দুৰত্ব পালন কৰাটো বাধ্যতামূলক।
*প্ৰতি সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে অন্তঃজিলা যাতায়াতৰ ব্যৱস্থা।
*গৰ্ভৱতী মহিলাক বাদ দি, ১০০ শতাংশ কৰ্মচাৰীৰে ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় খুলিব পাৰিব।
*চিনেমা হল, পাৰ্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব।
*সামাজিক , ৰাজনৈতিক, ধৰ্মীয়, ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।
*শণিবাৰ আৰু দেওবাৰে ৰাজ্যৰ কোনো লোকে চলা-ফুৰা কৰিব নোৱাৰিব।












