![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১২৭৭ গৰাকী। শুক্ৰবাৰ দিনটোত ১২৭৭ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৰাজ্যত বৰ্তমানলৈ সুস্থ হৈছে ৩০,৫৫৭জন কোভিড ৰোগী। টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।ইফালে, শুক্ৰবাৰ দিনটোতে ৰাজ্যত পুনৰ ১৮৬২জনৰ দেহত ধৰা পৰে কোভিড-১৯।
দিনটোৰ ৩৮,৩২৪গৰাকী লোকৰ ক’ৰোনা টেষ্টৰ পাছত এইলোকসকলৰ দেহত ধৰা পৰিছে ক’ৰোনা।বৰ্তমানলৈকে ৰাজ্যত কোভিড-১৯ পজিটিভৰ হাৰ ৪·৮৫%। আক্ৰান্তৰ ২৮১গৰাকী কামৰূপ মেট্ৰ, ১৪০গৰাকী কাছাৰ, শোণিতপুৰৰ আছে ১২৯গৰাকী।নগাঁৱৰ ১১৪গৰাকী লগতে যোৰহাটৰো ১০৫গৰাকীৰ দেহত ধৰা পৰিছে ক’ৰোন।
ডিব্ৰুগড়তো ১১৭গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ।উল্লেখ্য যে,ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪০২৬৯জনলৈ বৃদ্ধি পাইছে আৰু চিকিৎসাধীন হৈ আছে ৯৮১১জন ৰোগী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৮গৰাকীলৈ বৃদ্ধি পালে।












