![]()
নিউজ ডেক্স:
অসমত বৰ্তমান প্ৰযোজ্য হৈ থকা নিয়ম ১৫ আগষ্টলৈকে বাহাল থাকিব। অসমত প্ৰযোজ্য নহয় আনল’ক ৩.০। এই কথা জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ পৰিবেশ সামান্য ভাবে উন্নত হৈছে। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ১৫ আগষ্টলৈকে বাহাল থাকিব সকলো নীতি নিৰ্দেশনা।
কেন্দ্ৰীয় চৰকাৰে ১ আগষ্টৰ পৰা জাৰি কৰিছে আনল’ক ৩.০। লগতে প্ৰস্তুত কৰা হৈছিল নতুন গাইড লাইন। কিন্তু অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নীতি-নিৰ্দেশনা।
অসমত বাহাল থাকিব সান্ধ্য আইন। লগতে যিখিনি নিৰ্দেশাৱলী পূৰ্বতে ৰাজ্য চৰকাৰে জাৰি কৰিছিল, সেই হিচাপতে চলি থাকিব। আৰু ১৫ আগষ্টৰ পিছৰ পৰিবেশ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰি পৰৱৰ্তী সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে। এই কথা জানিবলৈ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।












