![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নতুনকৈ স্থাপন কৰা ২০০ খন বিদেশীৰ ন্যায়াধীকৰনত নিযুক্তি বাবে ৰাজ্য চৰকাৰে ২০১৯ বর্ষ ১৩ জুনত এছ এল পি আৰৰ জৰিয়তে জাৰি কৰিছিল বিজ্ঞাপন। মুঠ ২০০০পদৰ বাবে জাৰি কৰা হৈছিল বিজ্ঞাপন।
সৰ্বমুঠ ৯টা বিভাগৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈছিল।বিজ্ঞাপন প্ৰকাশ পোৱা তিনিমাহৰ পিছতে অৰ্থাৎ ১৩ আগষ্টত মুঠ ৭টা বিভাগৰ বাবে অনুষ্ঠিত কৰিছিল বাছনি পৰীক্ষাৰ।বাছনি পৰীক্ষাৰ ফলাফল সমূহ পৰীক্ষাৰ অনুষ্ঠিত হোৱা ১৫দিনৰ পিছতে ঘোষণা কৰা হৈছিল।
লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা দুটা দিনৰ পাছতে ৩১আগষ্টত অনুষ্ঠিত হৈছিল ব্যৱহাৰিক পৰীক্ষা।উক্ত পৰীক্ষাৰ পিছতে উক্ত বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ১৬০০ গৰাকীৰ প্ৰাৰ্থী বাছনি হৈছিল।প্ৰকাশ পাইছিল চূড়ান্ত তালিকা।
কিন্তু দুৰ্ভাগ্য কথা এই যে বিগত ১০ মাহে নিৰ্বাচিত প্ৰাৰ্থীৰ সকলে লাভ নকৰিলে নিযুক্তি পত্ৰ।এই কথা আজি এক সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে নিৰ্বাচিত প্ৰাৰ্থী সকলৰ হৈ কুনাল ভঁৰালীয়ে।গুৱাহাটীৰ প্রেছ ক্লাৱত সম্বোধন কৰা সংবাদ মেলত তেওঁ কয়-বিজ্ঞাপনত উল্লেখ থকা অনুসৰি প্ৰাৰ্থী সকল নিৰ্বাচিত হোৱা এক বছৰৰ ভিতৰত যদি নিযুক্তি নিদিয়ে তেন্তে উক্ত পদৰ বাবে পুনৰ বিজ্ঞাপন দিব পাৰিব চৰকাৰে।যদি চৰকাৰে পুনৰ বিজ্ঞাপন জাৰি কৰে তেন্তে আমাৰ কি হব!
গুৰুত্বপূৰ্ণ কথা এই যে উত্তীণ প্ৰাৰ্থী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লিখিত ভাৱে অৱগত কৰা পাছতো তেওঁলোকে কোনো সূদূত্তৰ নাপাই চৰম অশান্তিত থকা বুলিও সংবাদ মেলত উল্লেখ কৰে।
তাপৰ্য পূৰ্ণ কথা এই যে চলিত বৰ্ষৰ ১৯ ছেপ্টেম্বৰত এটা বছৰ সম্পূণ হব তেওঁলোক উত্তীণ হোৱা।বৰ্তমানো কোনো ধৰণৰ চৰকাৰৰ পৰা জাননী নাপাই তেওঁলোকৰ চাকৰি হব নাই তাৰ অস্বস্তিত পৰিছে।১৬০০ বঞ্চিত নিবনুৱা আহ্বান ১৫ আগষ্টৰ ভিতৰত চৰকাৰে আমাৰ বাবে কিবা এটা ঘোষণা কৰক।












