![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতি -২০২০ক তীব্ৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ।গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্যকাৰ্যলয়ত মোডীৰ কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষানীতিক বিৰোধিতা কৰি কয় -মোডী চৰকাৰে নতুন শিক্ষানীতি-২০২০ৰ জৰিয়তে শিক্ষাক গেৰুৱাকৰণ কৰিব বিচাৰিছে।পাকে প্ৰকাৰে ‘সংস্কৃত’ বাধ্যতামূলক কৰি ছাত্ৰ-ছাত্ৰীৰ বিবেকত সাম্প্ৰদায়িকতা সিঁচি দিব বিচাৰিছে।
এতিয়াৰ পৰা শিক্ষা ব্যৱস্থা সেৱা হৈ নাথাকে বুলি উল্লেখ কৰি ছাত্ৰ মুক্তি কাৰ্যকৰি সভাপতি মানস কোঁৱৰে কয় -শিক্ষা ব্যক্তিগতকৰণ বাণিজ্যিকীৰণ, গেৰুৱাকৰণ কৰা শেষ গজাল মাৰিলে মোদীয়ে।এই শিক্ষানীতি বিজেপি-আৰএছএছৰ আদৰ্শ প্ৰচাৰৰ বহুতীয়া হ’ব।
নতুন শিক্ষানীতিৰ জৰিয়তে মাধ্যমিক পৰ্যায়ত ‘ষান্মাসিক’ পদ্ধতি প্ৰচলন যি কথা কোৱা হৈছে সেয়া কেতিয়াও মানি লব নোৱাৰি। মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত ষান্মাষিক ব্যৱস্থাক সঠিক ভাৱে ৰূপায়ন কৰাত ব্যৰ্থ হৈছে।তেনে সময়ত হাইস্কুল-হাইয়াচেকেণ্ডৰী সমূহে কিদৰে ৰূপায়ন কৰিব বুলি উল্লেখ কৰি তেওঁ আৰু কয়- ৰাজ্য মাধ্যমিক স্তৰৰ শিক্ষাক পিপিপি মডেললৈ আৰু ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব বিচৰা হৈছে।
মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহৰ বিত্তীয় স্বতন্ত্ৰতা কথা কৈ চৰকাৰে উচ্চ শিক্ষাত পইচা খৰছ নকৰা নীতি গ্ৰহণ কৰিছে।ছাত্ৰ-ছাত্ৰীৰ পৰা অত্যাধিক হাৰত মাচুল আদায় কৰাত শিক্ষানুষ্ঠান সমূহক কৰ্তৃত্ব প্ৰদান কৰিছে।সৰ্বশিক্ষা আনি যিদৰে প্ৰাথমিক শিক্ষা ধ্বংস কৰিলে ঠিক একেদৰে এই নীতিৰ জৰিয়তে উচ্চ শিক্ষা ধ্বংস কৰিব বিচাৰিছে- কোঁৱৰে লগতে কয়।
বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ বিলুপ্তি ঘটাই ৰাষ্ট্ৰীয় উচ্চ শিক্ষা নিৰাময় আয়োগ গঠনৰ জৰিয়তে শিক্ষাক কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত কৰিবলৈ বিচাৰিছে।যিটো নেকি ৰাজ্যসমূহৰ বাবে অতি ভয়ংকৰ কথা বুলি উল্লেখ কৰে ছাত্ৰ মুক্তি নেতা গৰাকীয়ে।
দেশত এশখন বিদেশী আগশাৰীৰ বিশ্ববিদ্যালয়ক নতুন শিক্ষা নীতিৰ জৰিয়তে কাম-কাজ কৰা অনুমতি দিয়া কথাই স্পষ্ট কৰিছে-প্ৰত্যক্ষ বিদেশী বিনিয়োগক।যাৰ ফলত দেশৰ ৰাজহুৱা শিক্ষা বিদেশী বিনিয়োগকাৰী মুনাফা অর্জনৰ ক্ষেত্ৰলৈ পৰিণত হব।শিক্ষা সেৱা পৰিৱৰ্তে বাণিজ্যিক পণ্যলৈ ৰূপান্তৰ হব তেওঁ লগতে কয়।
নতুন শিক্ষানীতিয়ে এম.ফিল’ৰ বিলুপ্তি ঘটাই চৰকাৰৰ খৰছ হ্ৰাস কৰিব বিচাৰিছে।দেশৰ ভবিষ্যতৰ গৱেষণাত ব্যাপক প্ৰভাৱ পেলাব-মানসে লগতে কয়।
ইফালে কেন্দ্ৰৰ নতুন শিক্ষানীতি বিৰুদ্ধে ৰাজ্য ছাত্ৰ সমাজক তীব্র আন্দোলন গঢ়ি তোলাৰো আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে।লগতে বুদ্ধিজীৱী-নাগৰিক সমাজ আৰু সকলো দল-সংগঠন ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে থিয় হবলৈ আহ্বান জনায়।
উল্লেখ যে ছাত্ৰ মুক্তিৰ সংগ্রাম সমিতিৰ উদ্যোগত শুকুৰবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত নতুন শিক্ষা নীতি-২০২০ক বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলিব বুলিও আজি সংবাদ মেলত ঘোষণা কৰে।
সংবাদ মেলত উপস্থিত আছিল ছাত্ৰ মুক্তি সভাপতি বিতু সোণোৱাল, প্ৰাঞ্জল কলিতা।












