![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১২১৪ গৰাকী। বুধবাৰৰ দিনটোত ১২১৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৰাজ্যত বৰ্তমানলৈ সুস্থ হৈছে ২৭,৮৩২জন কোভিড ৰোগী। টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।ইফালে, বুধবাৰৰ দিনটোতে ৰাজ্যত পুনৰ ১৩৪৮জনৰ দেহত ধৰা পৰে কোভিড-১৯।ইয়াৰে ৩৪৮জন কামৰূপ মেট্ৰৰ আৰু ১২৭জন কামৰূপ গ্ৰাম্যৰ।আনহাতে ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৬২৯৫জনলৈ বৃদ্ধি পাইছে আৰু চিকিৎসাধীন হৈ আছে ৮৩৬৮জন ৰোগী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯২ গৰাকীলৈ বৃদ্ধি পালে।
**আনহাতে ৰাজ্যত কোভিড-১৯ আৰোগ্যৰ হাৰ ৭৬.৭৭ শতাংশ বৃদ্ধি পাইছে **












