
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটী মহানগৰীত চোৰাং আৰু ড্ৰাগছৰ ব্যৱহাৰৰ ঘাটিত পৰিণত কৰিবলৈ এচাম লোকে নিতৌ চেষ্টা চলায় আছে৷
বুধবাৰে মহানগৰীৰ ভৰলুমুখৰ ৬ নং গেটৰ ওচৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ২ লাখৰো অধিক টকা জব্দ আৰক্ষীয়ে জব্দ কৰে৷ আৰক্ষীৰ অপৰাধ শাখাই চলাপৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে ৷
এই মহিলাগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযানত ধন, সোণৰ অলংকাৰ, জুৱাৰ সামগ্ৰী জব্দ কৰে৷ এই ব্যৱসায়ত জড়িত ৰীনা বেগম নামৰ মহিলাগৰাকী বৰ্তমানে পলাতক হৈ আছে৷ আৰক্ষীয়ে মহিলাগৰাকীক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷











