![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
লকডাউনৰ মাজতে মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য।গোপন সূত্ৰৰ খবৰ ভিত্তিত মঙলবাৰে অপৰাধ শাখা-মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ নগদ ৭৩ লাখ ৭০ হেজাৰ টকা।গুৱাহাটী পল্টনবজাৰৰ চলাপাৰাস্থিত কলাচনি এপাৰ্টমেন্টৰ চতুৰ্থ মহলাত অভিযান চলাই জব্দ কৰিছে উক্ত টকাখিনি।
গুৰুত্বপূৰ্ণ কথা এই যে টকাখিনিৰ সৈতে আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।গ্ৰেপ্তাৰ কৰা লোক কেইজন মণিপুৰৰ চাম লাইথাং, বাম থাংখোচাট আৰু সংগীতা লিছাংবাম।
উল্লেখ্য যে আৰক্ষীয়ে অধিক তথ্য বাবে গ্ৰেপ্তাৰ কৰা লোককেইজনক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে।












