![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১২১৬ গৰাকী। নিশা ১২১৬ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে মঙ্গলবাৰে অসমত ১৩৭১ জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।বৰ্তমানলৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৪৯৪৭জনলৈ বৃদ্ধি পাইছে ।
ৰাজ্যত সম্প্ৰতি ৮২৩২গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২৬৬১৮ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৮৮ গৰাকীলৈ বৃদ্ধি পালে।
আনহাতে ৰাজ্যত কোভিড-১৯ আৰোগ্যৰ হাৰ ৭৬.২ শতাংশ বৃদ্ধি পাইছে ।উল্লেখ্য যে অসমত শেহতীয়াকৈ ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰও হ্ৰাস পাইছে।












