![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ মুক্তি দাবী গুৱাহাটীত মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে গুৱাহাটী চান্দমাৰিস্থিত প্ৰতিমা’ পাণ্ডে বৰুৱা প্ৰতিমূৰ্তি সন্মুখত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে৷ অখিল গগৈক মুক্তি দিয়ক, বিজেপি গ’ বেক, ‘কা’ আমি নামানো বিভিন্ন আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে।

পাছত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সদস্যসকলক আৰক্ষীয়ে আটক কৰে৷ প্ৰায় অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে৷ আনহাতে প্ৰশাসনৰ সকলো নিয়ম-পালন কৰি প্ৰতিবাদকাৰীয়ি প্ৰতিবাদ সাব্যস্ত কৰা বুলি দাবী কৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সদস্যসকলে। আৰক্ষীয়ে আটক কৰাটো অন্যায় হোৱা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰে।
কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ চাহজাহানে কয় “বিজেপি চৰকাৰে অন্যায়ভাৱে কৃষক নেতাগৰাকীক বন্দী কৰি ৰাখিছে। সামাজিক দূৰত্ব মানি চলি প্ৰতিবাদ কৰি থকা পাছত আমাক আটক কৰা হৈছে”৷ গুৰুত্বপূৰ্ণ কথা এই যে বিগত ৮ মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। উল্লেখ্য যে গগৈৰ তিনি সতীৰ্থ ইতিমধ্যে জামিনত মুকলি হৈছে যদিও কৃষক নেতা বৰ্তমানো জামিন লাভ কৰা নাই।












