![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৩৬২ গৰাকী।সোমবাৰৰ দিনটোত অসমত ক’ৰোনাত আক্ৰান্ত ১৩৬২জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে।ৰাজ্যত বৰ্তমানলৈ সুস্থ হৈ উঠিছে ২৫৪০২জন লোক। মাজনিশা টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।আনহাতে সোমবাৰৰ দিনটোত অসমত ১৩৪৮ জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।বৰ্তমান অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৩৫৭৬জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৮০৮৫জনকৈ লোক।উল্লেখ্য যে ইফালে, অসমত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬জনলৈ বৃদ্ধি পাইছে ।












