![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা ভাইৰাছত আক্ৰান্তক চিকিৎসা আৰু কভিড-১৯ টেষ্ট কৰা বাবে চিকিৎসক-নাৰ্ছক আপুনি পিপিকিট পিন্ধা সদায় দেখিছে।কিন্তু আজি গুৱাহাটীত আৰক্ষীয়ে পৰিধান কৰিলে পিপি কিট।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গুৱাহাটী ৰটাৰীত দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ ৰক্ষাৰ দাবীত সাব্যস্ত কৰা সোমবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত মহানগৰীৰ আৰক্ষীক দেখা গল পিপিকিট পৰিধান কৰি প্ৰতিবাদ নিয়ন্ত্ৰণ কৰা।
প্ৰতিবাদ নিয়ন্ত্ৰণত নিয়োজিত একাংশ আৰক্ষীয়ে ক’ৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত পোছাক (পিপিকিট) পিন্ধি পালন কৰিলে নিজৰ দায়িত্ব।উল্লেখ যে গুৱাহাটীত প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচীত পৰিধান কৰিছে পিপিকিট।












