![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত আজি গুৱাহাটীৰ ৰটাৰীত অসম প্ৰদেশ কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত কার্যসূচীত অংশগ্ৰহণ কৰে দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন, নন্দিতা দাস প্ৰমুখ্যে দলৰ বহু কেইজন শীৰ্ষ নেতাই। প্ৰতিবাদস্থলীৰ পৰা ৰিপুন বৰাই অভিযোগ কৰি কয়, বিজেপি চৰকাৰে সংবিধানক অৱমাননা কৰিছে। ৰাজ্যপালৰ ক্ষমতাক অপব্যৱহাৰ কৰি ভয়-ভীতি দেখুৱাই কংগ্ৰেছৰ চৰকাৰসমূহ ভংগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰো অভিযোগ এনে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
তেওঁ কয়, উত্তৰাখণ্ড, মণিপুৰ, গোৱা, অৰুণাচল প্ৰদেশ, মধ্যপ্ৰদেশ আদিত কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰ ষড়যন্ত্ৰমূলকভাৱে বিজেপিয়ে বিধায়ক কিনা-বেচা কৰি পতন ঘটোৱাৰ পাছত শেহতীয়াভাৱে ৰাজস্থানতো একে ষড়যন্ত্ৰত লিপ্ত হৈছে।
ৰাজস্থানৰ প্ৰসংগ উত্থাপন কৰি বৰাই কয়, “ৰাজস্থানৰ ৰাজ্যপালে সাংবিধানিক পদ-মৰ্যাদাৰ অপব্যৱহাৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনোৱাৰ পাছতো অধিৱেশন আহ্বান কৰা নাই। সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিম বুলি কোৱাৰ পাছতো অধিৱেশন আহ্বান নজনোৱাত বিধায়ক কিনা-বেচা কৰিবলৈ ৰাজ্যপালে সুবিধা প্ৰদান কৰিছে।”
ইফালে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ ক’ৰোনা বিধি অনুযায়ী সামাজিক দূৰত্ব অৱলম্বনৰ কথা কয়।এই ক্ষেত্ৰত ৰিপুন বৰাৰ আৰক্ষীলৈ প্ৰশ্ন, “কংগ্ৰেছক সামাজিক দূৰত্বৰ কথা শিকোৱাৰ আগতে মুখ্যমন্ত্ৰী-মন্ত্ৰী, বিজেপি নেতা-পালিনেতাক সামাজিক দূৰত্বৰ কথা শিকাওক। আইন সকলোৰে বাবে সমান হ’ব লাগিব”।
আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়, “বিজেপিক সন্তুষ্ট কৰাৰ বাবে ৰাজস্থানৰ ৰাজ্যপালে কাম কৰিছে।দুৰ্ভাগ্যজনকভাৱে ন্যায়ালয়সমূহেও বৰ্তমান পক্ষপাতিত্বমূলক ভূমিকাত অৱতীৰ্ণ হৈছে। যাৰ বাবে দেশৰ জনতাৰ ন্যায়ালয়ৰ ওপৰত আস্থা কমি গৈছে।”
মোডী চৰকাৰে দেশৰ গণতন্ত্ৰক ধ্বংস কৰিবলৈ উঠি-পৰি লাগিছে বুলি উল্লেখ কৰি গগৈয়ে লগতে কয়, সকলো দিশতে আজি মোডী চৰকাৰ বিফল হৈছে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰ হায় হায়, গণতন্ত্ৰ ৰক্ষা কৰক, সংবিধান ৰক্ষা কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।












