![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ৯৮৫ গৰাকী। দেওবাৰৰ দিনটোত ৯৮৫ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷
টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত সম্প্ৰতি ৮১০৬ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২৪০৪০ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৭৯গৰাকীলৈ বৃদ্ধি পালে।বৰ্তমানে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩২২২৮ জনলৈ বৃদ্ধি পাইছে ।












