![]()
নিউজ ডেস্কঃ
ৰাজ্যত পুনৰ ১১৪২ গৰাকী আক্ৰান্ত হৈছে ক’ভিড ১৯ ত। ইয়াৰে ১৭১ গৰাকী ৰোগী গুৱাহাটীৰ, ১৮৮গৰাকী কামৰূপৰ, ১০০গৰাকী দৰঙৰ ৷ টুইটযোগে এই খবৰ প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
কিন্তু উক্ত টুইটত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সন্তোষো প্ৰকাশ কৰে। তেওঁ কয় যে, “ভাল খবৰ এয়ে যে বিগত ২৪ ঘন্টাত ২০হাজাৰ ৫৪২টা পৰীক্ষা সম্পাদন কৰাৰ পিছত আমাৰ দৈনিক আক্ৰান্তৰ হাৰ হৈছে ৫.৫৫শতাংশ ৷” ইয়াৰ লগতে বৰ্তমান ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯ হাজাৰ ৯১ গৰাকী।












