![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১২৯৪ গৰাকী। আজি ১২৯৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ একেৰাহে চতুথ দিনৰ বাবে এহেজাৰতকৈ অধিক লোকে এইদৰে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৰাজ্যৰ বাবে ই এক সুখবৰ।
টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।আনহাতে ৰাজ্যখনত শনিবাৰে ১১৬৫জনৰ দেহত ধৰা পৰে কোভিড-১৯। ইয়াৰে ৩৫৩জন গুৱাহাটীৰ আৰু ১০০জন গোলাঘাটৰ।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩১০৮৬জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৭৯৫১ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২৩০৫৫ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৭৭ গৰাকীলৈ বৃদ্ধি পালে।












