নিউজ ডেস্ক :
সময়ে সময়ে ডাকঘৰৰ বিভিন্ন আঁচনি আহে। এইবাৰ বয়স্ক লোকসকলৰ বাবে এটি বিশেষ আঁচনি আহিছে। যদি এই কৰোনা সংকটত বিনিয়োগৰ পৰিকল্পনা কৰে তেতিয়াহ’লে কেইবছৰমানৰ ভিতৰতে আপুনি কোটিপতি হ’ব পাৰে।
ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক জমা আঁচনিত বিনিয়োগকাৰীসকলে ৭.৪ শতাংশ হাৰত সুদ পায়। কিন্তু এইবাৰ মাত্র ৫ বছৰত পাব পাৰে ১৪ লাখ টকা।
জ্যেষ্ঠ নাগৰিক জমা আঁচনিৰ অধীনত একাউন্ট খুলিবলৈ হ’লে আপোনাৰ বয়স কমপক্ষেও ৬০ বছৰ হ’ব লাগিব। ইয়াৰ উপৰি স্বেচ্ছায় অৱসৰ লোৱা ব্যক্তিয়েও ইয়াৰ অধীনত একাউন্ট খুলিব পাৰে।
আপুনি যদি এই আঁচনিত ১০ লাখ টকা বিনিয়োগ কৰে তেতিয়া পৰৱর্তী ৫ বছৰত ৭.৪ শতাংশ (যৌগিক) সুদৰ হাৰত মেচিউৰিটিৰ সময়ত মুঠ টকা পাব ১৪ লাখ ২৮ হাজাৰ ৯৬৪ টকা। অর্থাৎ ৪ লাখ ২৮ হাজাৰ ৯৬৪ টকা পোৱা যাব সুদ হিচাবে।
এই আঁচনিত একাউন্ট খুলিবলৈ হ’লে আপুনি যে ১০ লাখ টকাই জমা কৰিব লাগিব তেনে কোনো কথা নাই। মাত্র ১০০০ টকা জমা ৰাখিও এই একাউন্ট খুলিব পাৰে।
অৱশ্যে, এই একাউন্টত ১৫ লাখ টকাৰ বেছি টকা ৰাখিব পৰা নাযাব। লগতে এক লাখ টকাৰ বেছি একাউন্ট খোলাৰ বাবে আপোনাক এখন চেক দিয়া হ’ব।
ইয়াৰ ম্যাদ সাধাৰণতে ৫ বছৰ, তথাপি বিনিয়োগকাৰীয়ে বিচাৰিলে এই সময়সীমা বঢ়াবও পাৰে। ইণ্ডিয়া পোষ্ট ৱেবছাইট অনুসৰি, আপুনি এই স্কিমত মেচিউৰিটিৰ পিছত আৰু ৩ বছৰ বঢ়াব পাৰে। ইয়াক বঢ়াবলৈ আপুনি ডাকঘৰত গৈ আবেদন কৰিব লাগিব। এই স্কিমত আমানতকাৰীয়ে বিচাৰিলে তেওঁৰ পত্নী/স্বামীৰ সৈতে যৌথভাবেও একাউন্ট খুলিব পাৰে।