![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১০৬২ গৰাকী। আজি ১০৬২ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ আজি চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ আজিৰ দিনটোকে ধৰি একেৰাহে তৃতীয় দিনৰ বাবে এহেজাৰতকৈ অধিক লোকে এইদৰে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।আনহাতে শুকুৰবাৰে অসমত ১১৩০জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।ইয়াৰে ৪১৭জন গুৱাহাটীৰ আৰু ১০৪জন কাছাৰৰ।অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৯৯২১ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৮০৮১ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৭৬১ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৭৬ গৰাকীলৈ বৃদ্ধি পালে।












