![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটী মহানগৰীৰ ভৰলুত বৃহস্পতিবাৰে শাৰীৰিকভাৱে সক্ষম ১৭ বছৰীয়া এটি কিশোৰ আৰক্ষীৰ দ্বাৰা প্ৰহৃত হয়৷ এই ঘটনাৰ সন্দৰ্ভত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত দুখ প্ৰকাশ কৰি ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।
এই সমগ্ৰ ঘটনাত আৰক্ষীৰ ভুল বুলি সঞ্চালক প্ৰধানগৰাকীয়ে স্বীকাৰ কৰে৷ ‘অসম আৰক্ষীক ভুল নুবুজিব’ বুলি ৰাইজক আহ্বান জনায় মহন্তই কয়, নপৰিব লগা ব্যক্তিৰ পিঠিত দুৰ্ভাগ্যজনকভাৱে কোবটো পৰিছে। এইয়া অসম আৰক্ষীৰ চৰিত্ৰ নহয়। এই ঘটনাৰ পৰা শিশু সুৰক্ষাৰ কেতিয়াও ব্যাহত নহয়।
দুৰ্গত শিশু বাবে বহু বছৰ ধৰি আশ্বাস প্ৰকল্প জৰিয়তে কাম কৰি আহিছে অসম আৰক্ষীয়ে৷ আৰক্ষী সঞ্চালক প্ৰধান মহন্তই লগতে এনেদৰে কয়। ইয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানজনে কয়, অসম আৰক্ষীয়ে শিশু মিত্ৰৰ গৱেষণা কেন্দ্ৰৰ ব্যৱস্থা কৰিছে। শিশুৰ সম্পৰ্কীয় অপৰাধবোৰ যাতে উচিত তদন্তৰ হয় তাৰ বাবে এই কেন্দ্ৰ স্থাপন কৰা হৈছে৷
ইফালে সমগ্ৰ ঘটনাটোত জড়িত থকা আৰক্ষীৰ বিষয়াগৰাকীয়ে নিজৰ ভুল মুহূৰ্ততে স্বীকাৰ কৰি ক্ষমা খুজিবলৈ কিয় হুহুঁকি আহিব লাগে বুলিও মহন্তই কয়। আৰক্ষী বিষয়া-জোৱানসকলক উদ্দেশ্য আৰক্ষী সঞ্চালক প্ৰধান মহন্তই কয় “অসম আৰক্ষীয়ে সেৱা মনোবৃত্তি হ’ব লাগিব, বছগিৰী মনোবৃত্তি হ’লে নহ’ব”৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীৰ সৈতে কথা পতা বুলিও মহন্তই লগতে কয়।












