
ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে ঐতিহাসিক কটন বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া। অনলাইন পদ্ধতিত হ’ব উচ্চশিক্ষা প্ৰতিষ্ঠানখনত নামভৰ্তি। ইতিমধ্যে কটনৰ কৰ্তৃপক্ষই জাৰি কৰিছে নামভৰ্তিৰ জাননী।
স্নাতক প্ৰথমবর্ষত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰসকলে আজি অৰ্থাৎ ২৪ জুলাই পৰা অহা ৭ আগষ্টৰ সন্ধিয়া ৭ বজাৰ ভিতৰত কৰিব লাগিব অনলাইন আৱেদন। বিশ্ববিদ্যালয়ৰ ৱেবচাইট www.cottonuniversitv.ac.inত গৈ কৰিব লাগিব নামভৰ্তি আৱেদন।

উল্লেখ্য যে অহা ১১ আগষ্ট আবেলি প্ৰকাশ পাব মেৰিট লিষ্ট। চৰকাৰৰ নিৰ্দেশ অনুসৰি অফলাইন আৱেদন চলিত বর্ষত বন্ধ কৰাৰ কথা অৱগত কৰিলে কৰ্তৃপক্ষই। ইফাল নামভৰ্তিৰ তাৰিখ বিশ্ববিদ্যালয়ৰ ৱেবছাইটত প্ৰকাশ পাব আগষ্টৰ দ্বিতীয় সপ্তাহত।













