![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ১৩৪৯গৰাকী লোক সুস্থ হৈ উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী ৷ যোৱানিশা ১৩৪৯ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷
নিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।অসমত বৰ্তমানলৈ ২০৬৯৯ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।এইয়া ৰাজ্যৰ বাবে সুখবৰঃ।বৰ্তমানে ৮০১৯জন লোক চিকিৎসাধীন হৈ আছে।আনহাতে ৰাজ্যত যোৱাকালি পুনৰ ১০৪৭জনৰ দেহত কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰে ২১৯জন গুৱাহাটী মহানগৰীৰ।
ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৮৭৯১জনলৈ পাইছে বৃদ্ধি।ইফালে, বৃহস্পতিবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত ৪জন লোকে প্ৰাণ হেৰুৱালে। উল্লেখ্য যে বৰ্তমানে ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭০জনলৈ বৃদ্ধি পায়।












