![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৯৭২ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা ২৪ ঘন্টাত ৩৫৪ গৰাকী গুৱাহাটী মহানগৰীত চিনাক্ত হৈছে ৷ আনহাতে যোৰহাটতো ৫১ গৰাকী লোক চিনাক্ত হৈছে৷ ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭৭৪৪লৈ বৃদ্ধি পায়। মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইফালে, বুধবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত দুজন লোকে হেৰুৱালে প্ৰাণ।মৃত্যু হোৱা দুজন ক্ৰমে যোৰহাটৰ শ্ৰী আলোক ঘোষ (৫৪) আৰু কামৰূপ(ম) জিলাৰ শ্ৰী হৰেণ বড়ো (৪৭)।বৰ্তমানলৈ ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬জনলৈ বৃদ্ধি পালে।
আনহাতে, বুধবাৰৰ দিনটোত ৰাজ্যত ১৩১৭ জন কোৰোনাক্ৰান্ত লোক সুস্থ হৈ ঘৰলৈ উভতিছে।ৰাজ্যৰ বাবে ই এক সুখবৰ।ৰাজ্যত সম্প্ৰতি ৮৩২৫ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১৯৩৫০গৰাকী।












