![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ১৬৮০ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা ২৪ ঘন্টাত ৫৭০ গৰাকী গুৱাহাটী মহানগৰীত চিনাক্ত হৈছে ক’ভিড-১৯ পজিটিভ ৷ আনহাতে যোৰহাটত ১৬৭গৰাকী , কাছাৰত ১৫৭ গৰাকী লোকো চিনাক্ত হৈছে৷ ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ২৬,৭৭২ লৈ বৃদ্ধি পায়। মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত সম্প্ৰতি ৮৬৭২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১৮০৩৩ গৰাকী।আনহাতে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৬৪ গৰাকীলৈ বৃদ্ধি পালে।উল্লেখ্য যে যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৮১৫২গৰাকী লোকক ক’ভিড পৰীক্ষা কৰা হৈছিল যদিও পজিটিভৰ হাৰ ৯·২%। ৰাজ্যৰ বাবে ই এক সুখবৰ।












