![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নিগ্ৰহ হ’ল সাংবাদিক৷ চৰম নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যৰ সাংবাদিকসকল৷ যিসময়ত ৰাজ্যখনত ক’ৰোনা ভাইৰাছ সংক্ৰমণক লৈ চিন্তিত সেই সময়ত সাংবাদিকসকলে বাতৰি যোগান ধৰি ৰাইজৰ লগতে চৰকাৰক সহায় সহযোগ কৰি আছে৷
এনে সময়তে গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলা সাংবাদিকক প্ৰাণনাশৰ ভাবুকি দিছে এজন যুৱকে৷ এনই ফকাচ ডট কম নামৰ ৱেব পৰ্টেলটোৰ সম্পাদক সংগীতা শইকীয়াক প্ৰাণনাশৰ ভাবুকি দিছে এজন যুৱকে৷
সাংবাদিকগৰাকীয়ে জানিবলৈ দিয়া মতে মঙলবাৰে দিনৰ প্ৰায় ১১.৪৫ বজাত শৈলেন ডেকা নামৰ ভিডি’অ এডিটৰগৰাকীয়ে সন্দ্বীপা সিনহা নামৰ যুৱতীৰ এগৰাকী সৈতে আহি ৱেব পৰ্টেলটোৰ কাৰ্যালয়ত উপস্থিত হৈ অশ্লীল ভাষাৰে গালি গালাজ কৰা লগতে দুৱাৰত ঢকিয়াই সাংবাদিকগৰাকীক প্ৰাণনাশৰো ভাবুকি দিয়ে।

এই ঘটনাৰ সন্দৰ্ভত গুৱাহাটী দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে প্ৰাণৰ সংশয়ত ভোগা মহিলা সাংবাদিক সংগীতা শইকীয়াই৷ উল্লেখ্য যে অকলে কাৰ্যালয়টো চলায় আছে সাংবাদিক শইকীয়াই। ফলত এই ভাবুকি পাছত চৰম নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিক সংগীতা শইকীয়াই৷ এই সন্দৰ্ভত সাংবাদিকগৰাকীক নিৰাপত্তা প্ৰদান কৰিবলৈ বিভিন্ন মহলে দাবী উত্থাপন কৰিছে৷












