
গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাত ৰেস্তোৰাঁ মুকলিত নতুন নিৰ্দেশনা প্ৰশাসনৰ। সোমবাৰৰ পৰা শুকুৰবাৰলৈ পথৰ দুয়োকাষৰ ৰেস্তোৰাঁ এতিয়া পৰা সদায় মুকলি কৰিব পাৰিব জিলাখনত। জিলা প্ৰশাসনে জাৰি কৰিছে এই নতুন নিৰ্দেশনা। উল্লেখযোগ্য যে পূৰ্বতে অন্য দোকানসমূহৰ দৰে ৰেস্তোৰাঁসমূহো এদিন এৰি এদিন মুকলি কৰাৰ অনুমতি আছিল। ৰেস্তোৰাঁ উপৰিও অন্যান্য হস্পিটালিতি সেৱাসমূহো প্ৰতিদিনে মুকলি কৰিব পাৰিব জিলাখনত।













