![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বিগত সাত মাহ কৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ আজি হব জামিনৰ শুনানি।চান্দমাৰী নিয়া’ৰ আদালতে প্ৰদান কৰিব গগৈৰ জামিনৰ শুনানি।উল্লেখ চান্দমাৰি থানা ১৩/১৯ নম্বৰ নিয়া গোচৰ আজি পাছবেলা ভাগত আদালতে প্ৰদান কৰিব শুনানি ৰায়।এই কথা জনালে গগৈৰ অধিবক্তাই।
আনহাতে গগৈৰ বিৰুদ্ধে পুনৰ চাবোৱা থানাত ১/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰিছিল নিয়া’ই।উক্ত গোচৰটো পূৰ্বৰ ১৩/১৯ নম্বৰ গোচৰ সৈতে একেলগ কৰিব লাগে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন জনাইছিল অধিবক্তাই।সেই আৱেদনৰো শুনানি আজি নতুবা বুধবাৰে ঘোষণা কৰা সম্ভাৱনা আছে।
গুৰুত্বপূৰ্ণ কথা এই যে কা’ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈ বন্দী হৈ আছে কৃষক নেতা গৰাকী।আনহাতে একেটা গোচৰতে গগৈৰ সৈতে গ্ৰেপ্তাৰ হোৱা মানস কোঁৱৰ, বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰে ইতিমধ্যে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছে।












