![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত অব্যাহত আছে ক’ৰোণা ভাইৰাছৰ আতংক। আজিৰে পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে আনলক ১.০। বিগত ২১ দিনীয়া সম্পূৰ্ণ লক-ডাউনৰ পিছতো কিন্তু সাম কটা নাই এনে পৰিস্থিতিৰ। ৰাজভৱনতো সৃষ্টি হৈছে ক’ৰোণাতংক! এইপৰ্যন্ত ৰাজভৱনৰ ৭০ গৰাকীকৈ লোকৰ গাত ধৰা পৰিছে ক’ৰোণা ভাইৰাছ। যোৱা ৪ জুলাইত দুজন লোকৰ গাত ধৰা পৰিছিল কোভিড ১৯।
তাৰে পিছত ৭০ জন লোকলৈ সংক্ৰমণ হল এই ভাইৰাছ। দেওবাৰে ৰাজভৱনৰ ২৪ গৰাকী লোকৰ দেহত ধৰা পৰাৰ লগে লগে ৰাজভৱনত ক’ৰোণাত আক্ৰান্তৰ সংখ্যা ৭০লৈ বৃদ্ধি পাইছে। দেওবাৰে কোভিড–১৯ ধৰা পৰা লোকসকলৰ সংস্পৰ্শলৈ অহা লোকসকলৰ নমুনা সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে।












