![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
সোমবাৰ অৰ্থাত্ আজিৰ পৰা গুৱাহাটীত আৰম্ভ আনল’ক ১। আনল’ক ১ত বহু ক্ষেত্ৰত থাকিব শিথিলতা। অহা ২ আগষ্টলৈকে গুৱাহাটীত বাহাল থাকিব আনল’ক ১। শণিবাৰে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষনা কৰিছিল ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।
আনল’ক ১ ৰ গাইড লাইন–
* সকলো দোকান-বজাৰ খোলা থাকিব। পাইকাৰী আৰু আন সামগ্ৰী বিক্ৰী সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব।
*বন্ধ থাকিব জিম, চিনেমা হল, শ্বপিং মল, শিক্ষানুষ্ঠান।
*৩০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়। সকলোতে কোৰোণা পৰীক্ষা কৰিব লাগিব।
*ফেচমাস্ক পিন্ধিব লাগিব ৷ অন্যথা ১ হাজাৰ টকা জৰিমণা।
*সকলো নিৰ্মাণ কাৰ্য কৰিব পাৰিব, মালিকসকলে নিৰ্মাণ কাৰ্যকলাপ চলি থকা স্থানত শ্ৰমিকক ৰাখিব পাৰিব ৷
*সপ্তাহৰ আটাইকেইটা দিনতে গাখীৰ, শিশু খাদ্য পোৱা যাব।
*পাৰ্লাৰৰ,চেলুন চুলি কটাৰ বাবে খুলিব পাৰিব ৷
*কেব, অটো, ৰিক্সা চলাব পাৰিব ৷ কিন্তু চেনিটাইজাৰ, থাৰ্মমিটাৰ ৰাখিব লাগিব ৷ কিন্তু বন্ধ থাকিব ই-ৰিক্সা।
*ব্যক্তিগত বাহন চলাচল নিষিদ্ধ কৰিছে ৷
*সান্ধ্য আইন সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে অব্যাহত থাকিব।
*চিটিবাছ বন্ধ থাকিব।
*হোটেল ৰেষ্টুৰেণ্ট সমূহে হোম ডেলিভাৰী কৰিব পাৰিব ৷
*E-commerce সমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ডেলিভাৰী কৰিব পাৰিব।
*সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত। কিন্তু বুধবাৰৰ পৰা বন্ধ হ’ব এই সেৱা।
উল্লেখযোগ্য মুখ্য সচিবৰ কুমাৰ সঞ্জয় কৃষ্ণ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিছে সোমবাৰে পথৰ সোঁ-কাষৰ দোকান সমূহ মুকলি হব। মঙলবাৰে পথৰ বাওঁ-কাষৰ দোকান সমূহ মুকলি কৰিব পাৰিব।
জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কামৰূপ(ম) জিলা চেম্বাৰচ অৱ কমাৰ্চৰ সভাপতি আৰু ব্যৱসায়ী সন্থা সমূহৰ সৈতে বৈঠক পাছতে ঘোষণা কৰে এই নিয়মৰ কথা।
জিলা প্ৰশাসনে ঘোষণা কৰা অনুসৰি পল্টন বজাৰ পৰা খানাপাৰা লৈ সোঁ কাষৰ দোকান মুকলি হব।একেদৰে জালুকবাৰী পৰা নুনমাটিলৈ।জালুকবাৰী পৰা ভিআইপি ৰোড হৈ আজাৰা।ছয়মাইল-নাৰেংগি লৈ সো-কাষৰ দোকান সমূহ মুকলি কৰিব পাৰিব।
গুৰুত্বপূৰ্ণ কথা এই যে অহা সপ্তাহত একে নিয়ম বাহাল থাকিব জিলা খনত।












